Image credit: Cameron York, "Tall Hill Bad Luck"

Those seven

 

The pine trees weep
the moon is lonely tonight

 

Dry trunks of the tea plants
are silent tonight

 

Scarlet blood sparkles
on green tea leaves tonight

 

The cloud descends
on this sleepless night

 

The soil is damp
with spilt blood tonight

 

I stand before the crowd of these dark men
their eyes burning like embers tonight

 

I see my dead grandfather alone
ambling along the sand by the river tonight

 

This dark, dark night, standing
next to the graves of those seven

 

We weep tonight
The pine trees weep

 

 


Blue bird, my tea garden

 

There was no one else.
No one.

 

Unblemished a body like a lonely traveler. Potent limejuice.
Wind among the leaves. The sound of terror
of a herd of wild elephants. A sleeping jackal dreaming in his hole.

 

There was no one else.
No one.

 

The barking of a black dog. Bare stump of a pine tree.
People’s faces. Torn leaves of the gulmohar.
Cow piss on the yellowed grass.

 

There was no one else.
No one.

 

On the hollow of the banyan tree a squirrel. Soil
soaked in rain. A dark woman burdened with firewood.
The green horizon. Half a sky.

 

There was no one else.
No one.

 

A fork filled with mud and grass. A herd following
the cowherd’s tune. Mango trees and mongoose’s nest.
A lonely toddler. A group of dark men.

 

There was no one else.
No one.

 

Only the tea garden. My
garden. Blue bird
of mine.

 

 


A poem against you all: We are happy

 

You live at the other end of the world
so you are happy
empty of intelligence, we live in our lanes
like strays

 

You do not hear the rising voices of our souls
yet we hear your ramblings
listen to your glib talk, your oily voices
like purring cats

 

You pollute our blood with
dark poison and cinnabar
with the craft and cunning of scholarship
you stop our blood from turning red

 

You purchase our brains and in time
you throw them away in dustbins
you fear truth
you are a mob of misanthropists

 

So we strays hate you
you and your cold intelligence
you who fear the heart of a human
you who fear truth

 

You live at the other end of the world
so you are happy
empty of intelligence, we live in our lanes
like strays, we are happy too

 

 


One-eyed slave

 

Mangtia Sardar, sir, how are you?

 

You ask the ocean. A heart-wrenching cry
wants to ebb away like the current.
Yet you are an ocean. How do you live?
How do you live?

 

Yours this alertness, this alacrity
we enjoy in silence, a peaceful ocean.
We want to keep the doors of our houses open
they want to remain shut.

 

Yet ocean, you ignore your own power
the power inside you.
Mangtia Sardar, sir, how are you?
The irony of history.

 

In every age, you are the one-eyed slave.
In your eye, you store the moon.
You sing alone in the dark.
You treasure light’s contractions.

 

Oh, the one-eyed slave
you too suffer
from an inferiority complex
you too do not trust anyone.

 

Yet your lover wants to tell you:
Beloved, you may be a one-eyed slave
yet I believe you treasure
the power of the ocean.

 

We can trust each other.
With the power of the ocean
we can be Neelakantha,
the blue-necked God.

 

 


Fisticuffs

 

I notice the
iris of the old man’s eyes

 

In a moment’s pause
during our fisticuffs

 

Conversations
at the end

 

We all fight
in difference against each other

 

 


Death anniversary of a witch

(Dedicated to the countless women killed on the suspicion of being witches)

 

Breaking, the earth sprouts
that burning body

 

In the air, hangs a screech
slowly fades into thousand screams

 

A flickering blue fire
floats in the air

 

Draws fresh wounds in the
hearts of men

 

The trees of the night recognize the darkness
The people of the night find

 

the terrified face of the woman
without magic, without malice

 

When will death come
When will death come

 

Death comes when a poisoned
arrow pierces the jackfruit leaf

 

Days become
past

 

Wails float in the forest unknowable
in the fields unharnessed

 

in the sand islets on the river
in the tiny hutments afire

 

Breaking, the earth sprouts
that burning body

 

In the air hangs a screech
from faraway

 

I am telling you
today is the witch’s death anniversary

 

 


The night of this karam

 

The night of this karam
the night of this jhumur

 

I see them
from afar

 

The night
cloaked in fog

 

They lie in a line
in a ditch of blood

 

Somebody whispers
here they sleep

 

Sleep
their souls

 

The night of this festival
the night of this dance

 

The blood of my veins melts
and reaches my thumping feet

 



Original ↓

তেওঁলোক সাতজন

 

শিৰীষ গছবোৰে চকুপানী টুকিছে

অকলশৰীয়া জোন

 

মৌন আৰু শুকান

চাহগছৰ ঠাল-ঠেঙুলিবোৰ

 

সেউজীয়া চাহপাতত বিৰিঙি আছে

কেঁচাতেজ

 

এই বিনিদ্ৰ ৰাতি

তললৈ নামি আহিছে ডাৱৰ

 

সেমেকিছে মাটি

কেঁচাতেজেৰে সেমেকিছে মাটি

 

সেই ক’লা মানুহজাকৰ সন্মূখত থিয় হ’লোঁ

সিহঁতৰ চকুবোৰ আঙঠাৰ দৰে জ্বলিছিল

 

মোৰ মৃত ককাদেউতাকো দেখিলোঁ

তেওঁ অকলশৰে নৈৰ বালিত ঘূৰি ফুৰিছিল

 

এই অন্ধকাৰ আৰু ক’লা ৰাতি

তেওঁলোক সাতজনৰ কবৰৰ ওচৰত ৰৈ

 

আমি চকুলো টুকিছোঁ

শিৰীষ গছবোৰে চকুপানী টুকিছে

 

 


মোৰ চাহবাগিছা মোৰ নীলা চৰাই

 

আন কোনোৱেই নাছিল ৷ যেন

কোনোৱেই নাছিল

 

খুঁত নথকা নিজৰ দৰে শৰীৰ আৰু অকলশৰীয়া বাটৰুৱা

নেমুটেঙাৰ কেঁচা ৰস আৰু বাগিছাৰ বতাহ ৷ বিপদত

আত্ৰাহি মৰা বলিয়া হাতীৰ জাক ৷ গাঁতত শুই সপোন দেখা

শিয়াল

 

আন কোনোৱেই নাছিল ৷ যেন

কোনোৱেই নাছিল

 

ক’লা কুকুৰৰ মাত ৷ শিৰীষ গছৰ শুকান মূঢ়া

আৰু মানুহৰ মুখ ৷ কৃষ্ণচূড়াৰ চিৰা চিৰা পাত ৷

হালধীয়া ঘাঁহত গৰুৰ মুত

 

আন কোনোৱেই নাছিল ৷ যেন

কোনোৱেই নাছিল

 

আহঁত গছৰ চুকত এটা নেউল ৷ বৰষূণত

তিতা মাটি ৷ কৃষ্ণকায় এক নাৰী আৰু খৰিৰ বোজা

আদিগন্ত সেউজীয়া আৰু আধা আকাশ

 

আন কোনোৱেই নাছিল ৷ যেন

কোনোৱেই নাছিল

 

ঘাঁহ আৰু বোকাৰ চাৰিআলি ৷ গৰখীয়া নামৰ সুৰে সুৰে

এপাল গৰু ৷ দণ্ডপূজা ৷ আমগছ আৰু কূৰ্কূটৰ বাঁহ ৷

অকলশৰীয়া পেন্দুকণা এটা ৷ এজাক ক’লা মানুহ

 

আন কোনোৱেই নাছিল ৷ যেন

সকলো আছিল

 

কেৱল চাহবাগিছা মোৰ চাহবাগিছা

মোৰ নীলা চৰাই

 

 


তোমালোকৰ বিৰুদ্ধে কবিতা: আমি সূখতেই থাকোঁ

 

তোমালোক পৃথিৱীখনৰ সিটো মূৰত থাকা

সেয়ে সুখত থাকা

চেতনাহীনৰ দৰে আমি থাকোঁ আমাৰ গলিত

কুত্তাৰ দৰে

 

তোমালোকে নুশুনিব পাৰা আমাৰ আত্মাৰ চিৰসেউজীয়া মাত

আমি পিছে তোমালোকৰ প্ৰলাপ শুনোঁ

শুনোঁ তোমালোকৰ ভিজা মেকুৰীৰ দৰে তেলীয়া মাত

 

তোমালোকে মানুহৰ তেজবোৰ ৰঙা হ’বলৈ নিদিয়া

ক’লা বিহ আৰু সেন্দুৰৰ ৰং ছটিয়াই

তোমালোকে আমাৰ তেজবোৰ ঘোলা কৰি পেলাইছা

এদল বিদ্বান মানুহৰ চল আৰু চাতুৰীৰে

তোমালোকে আমাৰ তেজবোৰ ৰঙা হ’বলৈ নিদিয়া

 

আমাৰ মগজুবোৰ তোমালোকে কিনি থৈছা

আৰু সময়ত সেইবোৰ ডাষ্টবিনত দলিয়াই পেলাইছা

 

সত্যৰ প্ৰতি তোমালোকৰ সংশয় আছে

মানুহৰ প্ৰতি আছে ভয়ানক বিদ্বেষ

 

আমি কুত্তাবোৰে সেয়ে ঘৃণা কৰোঁ

তোমালোকক, তোমালোকৰ দূৰ্বল মনস্তত্ত্বক

যিয়ে ভয় কৰে সঁচা মানুহক

যিয়ে ভয় কৰে সঁচা কথাক

 

তোমালোক পৃথিৱীখনৰ সিটো মূৰত থাকা

সেয়ে সুখত থাকা

চেতনাহীনৰ দৰে আমি থাকোঁ আমাৰ গলিত

সুখতেই থাকোঁ, কুত্তাৰ দৰে

 

 


এচকুৱা দাস

 

মহোদয় মাংতিয়া চৰ্দাৰ, তোমাৰ খবৰ কি

 

তুমি সমুদ্ৰক সোধা

প্ৰাণান্তক এক কান্দোন

বাৰিষাৰ ঢলৰ দৰে বৈ যাব খোজে

অথচ তুমি সমুদ্ৰ, কিদৰে জীয়াই আছা

কিদৰে জীয়াই আছা

 

তোমাৰ এই সজাগতা এই ঔদ্ধৰ্ত্য

নীৰৱে উপভোগ কৰিছোঁ কোনো এক শান্ত সমুদ্ৰৰ দৰে আমি

মই খুলি ৰাখিব খোঁজো মোৰ ঘৰৰ দুৱাৰ

যি বন্ধ হ’ব খোজে সঘনাই

 

অথচ সমুদ্ৰ, তুমি অৱহেলা কৰিছা তোমাৰ শক্তিক

তোমাৰ প্ৰাণৰ শক্তিক

মহোদয় মাংতিয়া চৰ্দাৰ, তোমাৰ খবৰ কি

 

অথচ ইতিহাসৰ পৰিহাস

তুমিয়েই যুগে যুগে এচকুৱা দাস

চকু আৰু কপালত তুমি সাঁচি থৈছা জোন

এন্ধাৰতে অকলশৰে গান গোৱা

সাঁচি ৰাখিছা পোহৰৰ জন্ম-যন্ত্ৰণা

 

হেৰা এচকুৱা দাস

তুমিতো ইনফিওৰিটি কমপ্লেক্সৰ ৰোগী

তুমিতো বিশ্বাস কৰিব নোৱাৰা কাকোৱেই

 

অথচ প্ৰিয় নাৰীয়ে তোমাক ক’ব খোজে

প্ৰিয় মনৰ মানুহ, হ’ব পাৰা তুমি এচকুৱা দাস

মই কিন্ত্ত বিশ্বাস কৰোঁ, তুমিয়েই সাঁচি ৰাখিছা

সমুদ্ৰৰ সকলো শক্তিক

 

আমি ইজনে সিজনক বিশ্বাস কৰিব পাৰোঁ

সাঁচি থৈ সমুদ্ৰ শক্তি আমি নীলকণ্ঠ হ’ব পাৰোঁ

 

 


হতাহতি

 

বুঢ়া মানুহজনৰ চকুৰ মণিটো

মই দেখিবলৈ পাইছোঁ

 

আমাৰ হতাহতি যুদ্ধৰ

বিৰতিৰ পলকত

 

কথোপকথন আলোচনা

শেষবিন্দুত

 

আমি সকলোৱে যুজিছোঁ

পৰস্পৰৰ বৈপৰীত্যত

 

 


ডাকিনীৰ মৃত্যুতিথি

(উৎসৰ্গ: ডাইনী সন্দেহত নিহত অজস্ৰ দূৰ্ভগীয়া নৰ-নাৰীলৈ)

 

মাটি ফুটি ওলাই আহে

সেই জ্বলি উঠা শৰীৰ ৷

বতাহত ওপঙে এটা চিঞৰ

 

নিলগৰপৰা ৷ ক্ৰমশ: মিলি যায়

অযুত আৰ্তনাদেৰে

 

জ্বলি উঠা একুৰা নীলা জুই

ওপঙে বতাহত

মানুহৰ মনত কলিজাত

মগজুত কেঁচা দাগ কাটে

 

ৰাতিৰ গছে এন্ধাৰবোৰ চিনি পায়

ৰাতিৰ মানুহে বিচাৰি পায়

ভুৱা ডাকিনীৰ ভয়াৰ্ত মুখ

 

কেতিয়া আহিব মৃত্যু

কেতিয়া আহিব মৃত্যু

 

মৃত্যু আহে

যেতিয়া কঠাঁল পাতত খোঁচ খাই পৰে

এপাট বিষাল কাড়

 

দিনবোৰ অতীত হয়

পৰিচিতজনৰ সকৰুণ কান্দোন ভাঁহি আহে

জয়াল হাবিবোৰৰপৰা ধান নকটা পথাৰবোৰৰপৰা

নৈৰ কাষৰ বালিচাপৰিবোৰৰপৰা

দপদপকৈ জ্বলি উঠা খেৰীঘৰবোৰৰপৰা

 

মাটি ফুটি ওলাই আহে

সেই জ্বলি উঠা শৰীৰ ৷

বতাহত ওপঙে এটা চিঞৰ

নিলগৰপৰা

 

তোমাকেই কেৱল কথাষাৰ কলোঁ

আজি ডাকিনীৰ মৃত্যুতিথি

 

 


সেই কৰমৰ ৰাতি

 

সেই কৰমৰ ৰাতি

সেই ঝুমুৰৰ ৰাতি

 

মই তেওঁলোকক

দেখিছিলোঁ দূৰৈৰপৰাই

 

ঘন কুঁৱলীৰে ভৰা

আছিল ৰাতিটো

 

চেঁচা তেজৰ ডোঙাত

পৰি আছিল তেওঁলোক

শাৰী পাতি

 

কাণৰ কাষত কোনোবাই ক’লে

তেওঁলোক

ইয়াত শুই আছে

 

শুইছে তেওঁলোকৰ

আত্মাবোৰো

 

সেই কৰমৰ ৰাতি

সেই ঝুমুৰৰ ৰাতি

 

মোৰ কেঁচা তেজ গলি

বৈ আহিছিল আৰু

মোৰ ভৰি চুইছিল

Translator's Note

The urgency of these poems is in the subject, not in its literary quality. The translation process has been simple, as the poet is a close friend and associate. After the initial draft, we sat together and finalized the texts. Though Assamese is, linguistically speaking, an offshoot of the Indo-European language, originating from Sanskrit, the way we use the language has the distinct influence of other linguistic groups, namely Indo-Tibetan. For example, Assamese does not have stress patterns. Hence, we tend to use more words to express the same feeling. While translating, I have tried my best to make the poems sound English.

For the issues and urgency of the poems, I would let the poet speak for himself. Mr. Tanti writes:

“History plays the undercurrent of my poetry. At the same time, writing poetry is an integral part of my social activism. I write what I see, what I feel, what I understand, what I see as politically correct. My voice is for freedom, for people, against injustice, against colonial and neo-colonial forces.

“For years, I have disagreed with the current naming of our community as ‘Tea-Tribe / Ex-Tea Garden Labour Community’. Is there any community in this world named after a commodity? I believe we are an integral part of the greater Adivasi nationality of India. The community I belong to is backward, both socially and economically, since the British colonial period, and it is far from obtaining what it should from the state or other agencies. By colonial conspiracy, my ancestors from the aboriginal greater Adivasi clans were extirpated from the boondocks of Orissa, Jharkhand, Bihar, Madhya Pradesh, Andhra Pradesh and West Bengal and were engaged as tea garden labourers by the British in the fertile lands of Assam.

“I believe I have not deserted my past. Subaltern conventions and culture saturate me and they are in harmony with my consciousness. Pain and suffering, love and well-being, the indescribable dialectic of conflicts that constitute the flow of life are my concerns. My poems are attempts at the exposition of these.”


Dibyajyoti Sarma

×

In the Classroom

×